পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ৰহদৈ লিগিৰী

চাৰু চাৰি ভুজ ললে আজানুলম্বিত।
কৰিকৰ সম উৰু বৰ্ত্তুল ললিত।।

 পাঁচেখনি নাৱে কোৰেৰে খেৱাা মেলিলে। কোবেৰে গৈ সিপাৰ পাওঁ পাওঁ হলত গাভৰুসকলে আকৌ গালে।—

“ঘাটে নাও চপাই দিয়া অ' বনমালী"

 নাও পাৰ পাওঁ পাওঁ হৈছিল। পাৰলৈ মূঠেই তিনি নল মানহে আছিল। এনেতে দয়াৰামহঁতৰ নাওখনে সৈতে আন এখন নাৱৰ খুন্দা লগাত দয়াৰামৰ নাওখন অলপ কাতি হলত মানুহবিলাক সোপায়ে পানীত পৰিল। ভাগ্য ভাল যে পানী থাউনী পোৱা আছিল। নৈৰ সোঁত কোবাল নাছিল, তদুপৰী মাজুলীয়াল প্ৰায় মতা-মাইকী, ডেকা-গাভৰু, ল'ৰা-ছোৱালী সকলোৱে সাঁতুৰিব জানিছিল। এটি প্ৰাণীৰো হানি- বিঘিনি নহল। জুৰুলি জুপুৰি হৈ পাৰত উঠি নৈৰ বালিত শুকান নল খাগৰি আৰু কাঠেৰে জুই একুৰা জালি কাপোৰকানি সেকি ই কেইখন নাৱৰ মানুহৰপৰা অলপ জা-জলপান লৈ হাঁহি-খিকিন্দালি কৰি খাই ৰংপুৰ নগৰৰ ফালে খোজ লৈ গধূলি নৌ হওঁতেই সকলোবিলাকে নগৰৰ ওচৰৰ গাঁওবিলাকত চিনাকি আৰু সম্পৰ্কীয় মানুহৰ ঘৰে ঘৰে আশ্ৰয় লৈ ৰল।

⸻⸺

 


সপ্তম অধ্যায়

বুৰঞ্জী

 আমাৰ অসমৰ আহোমসকল আদিতে যে মহান বৌদ্ধধৰ্ম্ম অৱলম্বী আছিল এই কথা বুৰঞ্জী পঢ়া মানুহ মাত্ৰেই জানে। যিমান দিনলৈকে আমাৰ আহোম ৰাজাসকল আমাৰ হিন্দুৰ সংসৰ্গলৈ নাহি বৌদ্ধ হৈ আছিল আৰু হিন্দুৰে সৈতে বিবাহাদি সূত্ৰত আবদ্ধ হোৱা নাছিল, সিমান দিনলৈকে আহোমসকল বলী আৰু বীৰত্বৰে পৰি