দয়াৰাম—তই যে আজিকালি গাভৰু হৈ আহিছ, এতিয়া তোক ম’হত উঠি ফুৰাটো ভাল নেদেখি।
ৰহদৈ—ভালকে দেখ বা বেয়াকে দেখ কি কৰিম উপায় নাই।
দয়াৰাম—উপায় থাকে বা নাখাকে মাইকী মানুহক এনেকুৱা এটা জন্তুত উঠি ফুৰাটো নুশুৱায়। মই বেয়া দেখোঁ।
ৰহদৈ—মই ম’হত উঠি ফুৰাটো যে বেয়া দেখ, পিচত দুৰ্গা গোঁসানীয়ে ভয়ানক সিংহ এটাৰ ওপৰত উঠি ফুৰাটো, জানো বেয়া নেদেখ?
দয়াৰাম—তেওঁ যে গোঁসানী।
ৰহদৈ—গোঁসানীয়ে যদি বাঘ আৰু সিংহত উঠি ফুৰিব পাৰে তেন্তে আমি তেওঁৰ জীয়াৰী বা দাসীসকলে হাতী, ঘোঁৰা, ম'হত উঠিলেনো কি জগৰ লাগিব পাৰে?
দয়াৰাম—অৱশ্য একো জগৰ যে নালাগে সেইটো সঁচা। পিচত মই হলে তোৰ নিচিনা ম’হত উঠি ফুৰা ডাঙ্কাটী গাভৰু বিয়া নকৰাওঁ।
ৰহদৈ—নকৰিলিয়েই বা তই বিয়া, তাতনো মোৰ কি লাভ লোকচান আছে। মইতো তোক বিয়া সোমাব খোজা নাই।
দয়াৰাম—মই যে তোকেহে বিয়া কৰাম বুলি পাঙি থৈছিলোঁ। ঐ ৰহদৈ।
ৰহদৈ—যা অ' তই মোৰ লগত চুপতি নকৰিবি। তই এই দৰে জোকাই খঙ তুলিলে মই গৈ আইক কৈ দিম।
দয়াৰাম—(হাঁহি হাঁহি) হেৰ কাবৌটি কৰিছোঁ। দহোকুৰি আয়েৰৰ আগত কগৈ। মই আৰ তাৰ হতুৱাই মাৰত জনাবই খুজিছিলোঁ। পিচত তয়ে যদি জনাৱ মই ভালেহে পাম। মই শুনিছোঁ মোৰ বোপায়ে হেনো তোকে মোলৈ খুজিবলৈ মনে মনে পাঙিছে। পিচত এই জানো মোত বিয়া সোমাবি?
ৰহদৈ—মই আৰু পাই তোৰ লগত চুপতি নকৰোঁ। মই যাওঁগৈ—এই বুলি কৈ ৰহদৈয়ে উচাত মাৰি আহিব ধৰাত দয়াৰামে কলে—“খঙ নকৰিবি ৰহদৈ। অলপ পৰ ৰৈ কথা এটা শুনি যাচোন মোৰ লাহৰি।”
ৰহদৈ—“কিনো কথা কব অ’। তই মিছাই চুপতি মাৰি মোক ৰাখি নথবি। পলম হ’লে আয়ে খঙ কৰিব।"