ৰহদৈ—বাৰু।
এই কথা-বতৰাৰ পিচত দুয়ো দুফালে ম'হ লৈ গ'ল। দয়াৰামে ম'হৰ ওপৰত উঠি গালে—
প্ৰেমৰ গেলেৰে বান্ধিলি মইনা
প্ৰথমৰ পিৰীতি জৰী।
নেৰিবি নেৰিবি এনুৱা পিৰীতি
এখানি এবানি কৰি॥
⸻
চতুৰ্থ অধ্যায়
ল'ৰা-কালত
ফাগুণ গৈ চ'তৰ মাহ পৰিল। অসমৰ সকলো ঠাইতে ডেকা, গাভৰু, ল'ৰা-ছোৱালী আন কি বুঢ়া-বুঢ়ী পৰ্য্যন্ত বিহুত উত্ৰাৱল হব ধৰিলে। আন আন ল’ৰা-ছোৱালীৰ দৰে ৰহদৈ দয়াৰামো বিহুত মতলীয়া হ'ল। দয়াৰামে ৰহদৈক য'ৰেপৰা পাই ত’ৰেপৰা বিচাৰি বিচাৰি আনি কেতকী ফুল দিছিল, লঙ গুটি দিছিল। তাইক দয়াৰামে দিয়া এইবিলাক বস্তু অতি সাদৰেৰে লৈ তাৰ পৰিবৰ্ত্তে তাই ঘৰৰপৰা কাটি থুৰিয়াই অনা তামোল দিছিল। দুয়ো চ'তৰ নিশা-বিহুত একেলগে নাচিছিল। দয়াৰামে ৰামে ঢোল বজালে তাই নাচিছিল আৰু তাই হাতত চাপৰি মাৰি গীত গালে বা গগনা বজালে দয়াৰামে নাচিছিল। এইদৰে গোটেই চ’ত মাহটোত উভয়ে নিশা-বিহু কৰিছিল। বহাগৰ বিহুৰ আগ দিনা যেতিয়া ৰাইজে ওচৰৰ বিলত মাছ মাৰিবলৈ গৈছিল, তেতিয়া ৰহদৈ আৰু দয়াৰামেও ৰাইজৰ মাজত উভয়ে ওচৰা-উচৰি হৈ মাছ মাৰিছিল। ফাগুণ চ'ত মহীয়া নৈত ডেকা আৰু ছোৱালীবিলাকে সাঁতৰ শিকোঁতে দয়াৰামে ৰহদৈক কঁকালত ধৰি ধৰি সাঁতৰিবলৈ শিকাইছিল। এই দৰে