মহ'টো আঁতৰলৈ সি পানী খুৱালে। ৰহদৈয়ে নিজৰটোক পানী পিয়াই তাৰ পিঠিত উঠি ঘৰমুৱা হৈ যাবলৈ ধৰোঁতে দয়াৰামে কলে—“হেৰ ৰহদৈ! তই অলপ ৰবিছোন মোৰটোক পানী খুৱাওঁমানে। তোৰ লগত মোৰ কথা অলপমান আছে। ৰহদৈয়ে “বাৰু তেন্তে” বুলি কৈ গৰাৰ ওপৰলৈ ম'হটো নি চৰাৰ ধৰিলে। দয়াৰামে তাৰ টোক পানী খুউৱা হলত তাৰ ম'হটোৰ পিঠিত উঠি গৰাৰ উপৰলৈ গল আৰু অলপ আঁতৰৰ পৰা ৰহদৈক কলে,—“ৰহদৈ, তোৰ ভায়েৰে আৰু বাপেৰেও দেখোন ম'হটো চাৰি বান্ধি লৈ ফুৰাৰ পাৰে, তাকে নকৰি তোৰ গলতনো ম'হটো কেলেই আৰি দিছে?” ৰহদৈ—"এ পাই। ভাইটো সৰু। সি গৰু দুজনী চাৰে, বান্ধে। বোপায়ে অকলৈ খেতি বাতিকে কৰিব নে ম'হ গৰুকে চাৰিব। সেইদেখি পাই! ময়ে এই ম'হটো চাৰি লৈ ফুৰাওঁ। পিচত মই তোক সোধোঁ তহঁত দোখোন ধনচহকী মানুহ। দেউতাৰে এটা চাকৰ ৰাখিও দেখোন ম'হটো চৰোৱাব পাৰে। তাকে নকৰিনো তোৰ গলত সেইটো কেলেই আৰি দিছে?” দয়াম—“এঃ কি কম। দেউতাই মানুহ ৰাখি এইটো চৰোৱাব বন্ধোৱাব পাৰে সচা পিচত মাহীয়ে সেইটো কৰিব নিদিয়ে নহয়।” ৰহদৈ–“মাহীয়েৰে তেন্তে তোক ভাল নাপায় হবলা?" দয়াৰাম—(দীঘলকৈ হুমুনিয়া এটা কাটি) "এৰা। ভাল পালেনো এইলেখীয়া কৰে জানো? খোৱা পিন্ধাত কেতেৰ্-জেঙ্গেৰ কৰে জানো?"
ৰহদৈ —এৰা পাই। বুজিলো তোক মাহীয়েৰে ভাল নাপায়। তোৰ মনত দুখ লগা দেখি মোৰ মনত দুখ লাগিল। তোক মই এইষাৰ কথা সুধিব নেলাগিছিল। পিচত এতিয়া যাওঁগৈ দেই।
দয়াৰাম—বাৰু যাবিয়েইতো কথা এটা শুনি যা।
ৰহদৈ—কি কথা?
দয়াৰাম—এইবেলি চতৰ নিশা-বিহুত একে লগে বিহু গাম আৰু নাচিম দেই।
ৰহদৈ—বাৰু।
দয়াৰাম—তাৰ পিচত এই বেলি আহিন মাহত দুৰ্গা পূজাত নগৰলৈ গৈ ৰজা ঘৰত দুৰ্গা পূজা চামগৈ দেই।
দৈ—আয়ে-বোপায়ে যাবলৈ দিলে যাম। পিচত মোক তোৰ নাৱঁত নিবিনে?
দয়াৰাম—নিমতো। তোক নিনিয়াকৈ মই পূজা চাবলৈ নাযাওঁ।