তাই এই বাৰ বছৰ বয়সৰ কালতে, এদিন ফাগুণমহীয়া বেলি দুপৰ হওঁতে তাইৰ ম'হটোৰ উপৰত উঠি, ম'হটোৰ নাকী-জৰীডাল দুয়ো হাতে ঘোৰাৰ কোম ধৰা দি ধৰি ম'হটোৰ এপিঠিত মেম ছাহাবসকলে ঘোৰাত উঠাৰ লেখীয়াকৈ উঠি তাৰ লগে লগে—
“শ্যামৰাই কলীয়া ঐ ৰাম
চিকণ বিনন্দীয়া ঐ ৰাম
মাথে মৰা পাখী ৰাম
গোপাল গোবিন্দ ৰাম।
নমো তিলফুল ঐ ৰাম
অধৰ ৰাতুল ঐ ৰাম
গলে বনমালা শোভে ৰাম
গোপাল গোবিন্দ ৰাম।
আজানুলম্বিত ঐ ৰাম
গাৰে পীত বস্ত্ৰ ঐ ৰাম
চৰণে নপুৰ বাজে ৰাম
গোপাল গোবিন্দ ৰাম।
ৰাতুল চৰণ ঐ ৰাম
শোতে মনোৰম ঐ ৰাম
চৰণে প্ৰণমো ঐ ৰাম
গোপাল গোবিন্দ ৰাম।
এই গীতটো গুণ, গুণ কৰি গাই লাহে লাহে নৈৰ ফাললৈ আহিল আৰু গৰাৰ উপৰত থাকোঁতেই ম'হটোৰপৰা নামি ম'হটোৰ নাক-জৰীত ধৰি বালিয়ে বালিয়ে খোজ কঢ়াই নি পানীৰ কাষ চাপি পানী খুৱাব ধৰিলে। এনেতে পূবৰ ফালৰ পৰা দয়াৰামেও তাৰ মতা ম'হটো লৈ সেইখিনি পালেহি। ৰহদৈৰ ম'হটোক পানী খুউৱা দেখি সি তাৰ ম'হটোৰ নাকীজৰীডাল টানকৈ ধৰি কলে—“হেৰ ৰহদৈ। তোৰ ম'হটো সাবধানে ৰাখিবি ঐ। কেনেবাকৈ তোৰ হাতৰপৰা এৰাব লাগিলে পোনেই একে কোবে আহি মোৰটোৰে সৈতে খুন্দিয়া-খুন্দি লগাব।" ৰহদৈয়ে তাৰ ফাললৈ উলটি চাই কলে— "অ দয়াৰাম তইহে? তোৰ ম'হটোও পানী পিয়াব আনিছ? বাৰু মোৰটো মই এই সাৱধানে ধৰিলোঁ চা, তোৰটো চম্ভালিবি মাথোন। তোৰটো ইয়ালৈ নানিবি। অলপ আঁতৰলৈ নি পানী খুৱাগৈ।" ৰহদৈৰ এই কথাত দয়াৰামে তাৰ