পালেহেঁতেন তেনেহলে কি জানি দয়াৰামে মাতৃ-শোক পাহৰি সুখী হব পাৰিলেহেঁতেন। কিন্তু মাহীয়েক সুভদ্ৰাই আন আন সতিয়ৈ মাকে সতিয়ৈ পুতেকক যিদৰে ব্যৱহাৰ কৰে, দয়াৰামকো সেইদৰে নিমৰমীয়াল ভাবেৰেহে ব্যৱহাৰ কৰিছিল। দয়াৰামক প্ৰায় সততে খোৱা-পিন্ধাত কেটেৰ্-জেঙেৰ কৰিছিল আৰু সি বুজন হবৰেপৰা সিহঁতৰ ঘৰৰ যিটো ঘাই মতা ম'হ সেইটো চৰোৱা বন্ধোৱা বাৰটো তাৰ মূৰত জাপি দিছিল। বাপেকৰ তালৈ মৰম থাকিলেও মাহীয়েকৰ ভয়ত সেই মৰম দেখুৱাব নোৱাৰিছিল। কৰোঁতা মিলোঁতা মানুহ থকাতো দয়াৰামে ম'হ চাৰিহে ভাত খাবলৈ পাইছিল।
⸻
তৃতীয় অধ্যায়
নৈৰ ঘাটত
ৰহদৈয়ে আজিকালিকৈ বাৰ বছৰ বয়সত ভৰি দিলে। পাটগাভৰু হবৰেপৰা তাইৰ ৰূপৰ জেউতি চৰি আহিল। সৰুৰেপৰা তাই অতিকৈ জাকত জিলিকা ছোৱালী আছিল। তাই বৰণত বগা, মুখখন চুচিকটা, নাকটো টনটনীয়া, চকু জুৰি হৰিণীৰ চকুৰ দৰে কলা আৰু উজ্জ্বল। ভূৰুজোৰ দুয়োকাষে বই পৰা, চুলিকছা কলা, দীঘল আৰু কঁকাললৈকে বই পৰা। তাই সেইকালতে অতি ৰূপ-লাবণ্যৱতী ছোৱালী হৈ উঠিছিল। হৰৰে কথা তাই জাতিত সোণাৰী-কলিতা, খোৱা-পিন্ধাত দুখ নাছিল, তিনি বেলা তিনি সাজ পুষ্টিকৰ আহাৰ খাবলৈ পাইছিল, ব্ৰহ্মপুত্ৰৰ নিৰ্ম্মল পানী পিবলৈ পাইছিল আৰু মুকলি মূৰেৰে মুকলি মনেৰে ব্ৰহ্মপুত্ৰৰ নিৰ্ম্মল বতাহ সেৱন কৰি ফুৰিছিল। তাইৰ সৌন্দৰ্য্য এনেকুৱা বিনন্দীয়া আছিল, আৰু তাইৰ মুখত, বিশেষকৈ সদায় হাহোঁ হাহোঁ কৰি থকা, হৰিণীৰ চকুৰ নিচিনা কলা চকু জুৰিত এনেকুৱা এটা লাৱণ্য আছিল যে তাইক দেখিলেই বাটৰ বাটৰুৱাইও ক্ষন্তেক পৰ ৰ লাগি নেচাই নোৱাৰিছিল।