পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহদৈ লিগিৰী

ভাং ইত্যাদি ৰাগীয়াল বস্তু খোৱা বৰ অভ্যাস নাছিল; সেই কাৰণে খোৱা পিন্ধাত কাৰো দুখ কষ্ট নাছিল। মাছ, পহু প্ৰায় সকলোৱে মাৰি কাটি বা নদীয়ালৰপৰা ধানলৈ সলাই লৈ খাইছিল। ৰহদৈয়ে দিনৰ ভাগত ম'হটো চৰাই লৈ ফুৰিছিল; পুৱা গধূলি মাকৰ ওচৰত তাত ববলৈ, ভাত ৰান্ধিবলৈ শিকিছিল। ভায়েকে গৰু কেইজনী চাৰিছিল। মাকে খেতিৰ কামত বাপেকক সহায় কৰাৰ উপৰিও সকলোকে ৰান্ধি-বাঢ়ি খুৱাইছিল, আৰু বই-কাটি পিন্ধাইছিল। মুঠৰ ওপৰতে গৃহস্থিখন সুখৰ আছিল। ৰহদৈৰ মাক- বাপেকৰ ভিতৰত কোনো দিন দনধৰিয়াল হোৱা দেখা বা শুনাও নগৈছিল। উভয়ে ধৰ্ম্মত মতি ৰাখি পুৱা গধূলি চাৰিউটি প্ৰাণীয়ে নাম- প্ৰসঙ্গ কৰি, কৰি-ধৰি খাই-মেলি সুখেৰে জীৱন কটাইছিল।


দ্বিতীয় অধ্যায়

দয়াৰাম

 তেওঁবিলাকৰ ঘৰৰপৰা অলপ আঁতৰত সেই গাঁৱতে ধনীৰাম নামেৰে এজন সেই জাতিৰে ধন-চহকী মানুহ আছিল। ধনীৰাম কমলাবাৰী সত্ৰৰ সেৱক আছিল আৰু আঢ্যৱন্ত আৰু তাৰ লগে লগে ভক্তিমন্ত হোৱাৰ কাৰণে সত্ৰৰপৰা মেধি বাৰ পাইছিল। ধনীৰামৰ প্ৰথম পক্ষৰ তিৰোতা গৰাকীয়ে আমাৰ দয়াৰাম নামৰ এই ল’ৰাটো এৰি গাভৰু কালতে জীৱন-লীলা সামৰিছিল। দয়াৰামৰ মাক মৰাৰ বছৰেকৰ পাচত ধনৰাীমে সুভদ্ৰা নামৰ আৰু এগৰাকী তিৰোতা বিয়া কৰাই সেই তিৰোতাৰ গৰ্ভত দুটি ল'ৰা আৰু এজনী হোৱালী জন্মাই সুখেৰে কাল কটাইছিল। বাপেকৰ গৰু-ম'হ, মাটি-বাৰি, ধন-সোণ ঢেৰ থকা স্থলতো দয়াৰাম সৰুৰেপৰা মন-দুখীয়া আছিল। মাক-মৰা ল'ৰা মন- দুখীয়া হবৰে কথা, তাতে যদি মাহীয়েকৰপৰা এফেৰা সদ্ব্যৱহাৰ