পৃষ্ঠা:ৰহঘৰা.djvu/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা।। সততে থাকিবি ভাই হই গাই-গোট; নহলে ঢুকাব নাম যেন পানী ফোট। ৰঙা চুৰিয়াতে মাত্ৰ আছে ধৰ্ম ৰ’ই; গোসাইৰ শোধালে কৰ যাবি স্বৰ্গ লই। হবৰ উন্নত জাতি যদি আছে মন; ন এই উপদেশ হই এক মন। শাস্ত্ৰৰ টোকা। | (ক) ১। সতী। সতীৰ ভূষণ—অহল্যা, দ্ৰৌপদী, কুন্তী, মন্দোদৰ, তাৰা; শান্তিৰ ধৰম কৰিলে প্ৰচাৰ, পা একাধিক দৰ। ২। পত্নী নিৰ্বাচন। ভ্ৰাতৃবধু হ’ল ব্যাসৰ গৃহিণী, | ভালুকী কৃষ্ণৰ প্ৰিয়া; হডিম্বা ৰাক্ষসী ভীমৰ সঙ্গিনী, নাগিনী পাৰ্থৰ জয়া।