পৃষ্ঠা:ৰহঘৰা.djvu/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়ালৈ উপদেশ।। ৮৭ কদাপি নেৰিবি ভেম প্ৰাণে। যদি যায়, চলাবি প্ৰভুত্ব যদি অচল ওলায়। নকৰিবি তিতাক বিশ্বাস এতিল, দিন ৰাতি দিবি বাঘ-ঢাকা থিয়-কিল। ভালকৈ টানি লৈ ওৰণি দীঘল, ওলাব তিকতা বা কৰি মূৰ তল। বহিব লেপেটা কাঢ়ি ভূমি আসনত, বিশেষত শাহু যদি থাকে ওচৰত। শহুৰ জেঠাল দেখি সোমব চুকত; সেবিব ফটুৱাই ফট। স্বামী চৰণত। কৰিবি ই মহানীতি সকলোকে দান, স্বামী হলে গৰু চোৰৰ বিষ্ণুৰ সমান। নাচাবি তিৰীৰ মুখ বেলি পোহৰত, নাপাতিনি কোনো কথা পৰৰ আগত। আনৰ উন্নতি হকে কথাকে। নকবি; নতু মান হেৰুৱাই জহান্নামে যাবি। শিৰফুট। হৈ কিয় কাম কৰ খাবি? থাকোতে গৃহিণী কিয় আহাৰ গোটাবি? লাগিলে কৰিবি ধাৰ ধনীৰ কাষত; সাধিলে সোমাবি ফটা কথাৰ জাপিত। কোনোবাই মাৰে যদি চৰভুগতা; সহিলে সম্পদ পাই সুৱৰিবি কথা। হিংসা-দ্বেষ খৰিয়াল উন্নতিৰ চিন , নহলে পেলাব তল ভাবি লোকে হীন।