পৃষ্ঠা:ৰহঘৰা.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। শেহত গতি দেখি বিষম দিলে কোনোৱে লৰ। কোনোৱে উঠিব নোৱাৰি তাতে কলে ধৰফৰ। কোনোবা লুকাল গছৰ মূলত, কোনোবা বাগৰি পৰিল তল, দেশোদ্ধাৰকৰ মহাসভা কেনিবা উৰি গল; পণ্ডিতে কওক হিচাপ কৰ উন্নতি কিমান হ'ল। অসমীয়ালৈ উপদেশ। দেপিছনে অসমীয়া কামৰ সাগৰ? পৰি পৰি আছে তাত ভাৰ-হাঙ্গ। নচাপিবি কাষ তাৰ থ'ব গিলি গিলি, শত্ৰুৱে মাতে য'দ জাপিবি নিহালী। দীৰ্ঘ জীৱনৰ এক উপায় শয়ন, কুম্ভকৰ্ণ মুচুকুন্দ নাইনে স্মৰণ? বীৰত্বে হাতৰ যদি গেলে খজুৱতি, ঘৈণীৰ পিঠি আছে চাবি তাতে জুতি মুফুৰিবি বিদেশত জাত কুল যাব; শিকাই বিদেশী ভাষা মেলেছ সজাব। নকৰিবি বিলাসৰ সামগ্ৰী বিচাৰ; নাই ক’তত জগতত তুল্য টিকিৰাৰ।