পৃষ্ঠা:ৰহঘৰা.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশোকাৰকৰ মহাসভা। ৮৫ | ( ১৮ ) উঠি গ'ল কোলাহল; বসুমতী কঁপিল; নৱগ্ৰহত নবৈ অস্ত্ৰৰ ঝন্‌ঝননি উঠিল। কোনোৱে ললে খাগৰী কাপ, কোনোৱে ধৰিলে দীঘল জপ, কোনোৱে “ঘোচা, কোনোৱে শোতা, কোনোৱে | হোক-চিলিম, কোনোৱে ক'লে একে-খুন্দাই পাতৰ গুৰি ছিঙ্গিম। কোনোবা থাকিল ল গুণ খামুচি গায়ত্ৰী মন্ত্ৰ মাতি; কোনোবা উঠি শাৱৰে স'তে জপিলে মাল গুটি। অভ্যাসগুণত খিতাপীহঁতে, হেঁাহক। ললে ডাবিৰে সতে, দাস ঘোষ লাগি গল ভট্টাচাৰ্যৰ পিচত; লাগি গ'ল কুৰুক্ষেত্ৰ নৱগ্ৰহৰ টিঙত। জন চেৰেক হল আধা মৰ, জনৰেক হ'ল খোৰা; এনচেৰেকে তাৰে ওপৰত উঠি ল’লে ঘোৰ।। পেটুৱা গোঁসাইৰ ওলাল পেটু, চিঞৰ বাখৰত ফাটিল টেটু; গছৰ আগৰ গৃপৰ্কে কথা'ৰং, চো মাৰি একে চাচাই ললেই প্ৰভু সঃ।