পৃষ্ঠা:ৰহঘৰা.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা।

আমাৰ আগতে জোতা পিন্ধি গম গমহ যায়; ৩ৰ আগতো আসন বিচাৰে এনে অধৰম নাই। এতিয়াৰ পৰা নিয়ম হোক,—এনে অনাচাৰ ধৰি; সমাজৰ পৰা বাজ কৰিব ৰাইজে বিচাৰ কৰি। সৰহ সৰহকৈ লব দায়, সত্ৰবিলাকত দিব ভগাই; তাৰে আমি যাত্ৰা কৰিম বঙলা নাটক লেখি; দেশৰ উন্নতি ভাষাৰ উন্নতি অবাক হবা দেখি। ” পিতাপধাৰী সকলে বলে,-“জাত পিচলৈ থোৱ।। প্ৰথমতেই কাড়ী চমুৱাৰ ভাগবোৰ মিলাই লোৱ।।। সাত পুৰুষত খিতাপ নাই, -এনেবোৰেও শিক্ষা পাই, মূৰ জোকাৰি আমাৰ আগতে মান ভাগটা খায়; সিহঁতৰ শিক্ষা বন্ধ কৰাই উন্নতিৰ উপায় ঘাই।” দাস-ঘেষে কৰিলে তেতিয়া ঘোৰ প্ৰতিবাদ তাৰ, ‘ায় ‘বচাৰত সকলো মানুহৰ সমান অধিকাৰ। ডাৰৰ ঘৰত, ভাঙ্গৰ বংশ, জন্মিও হয় নীচ কায্যত, সৰ ঘৰত জন্মিও মানুই পাৰে ভাগৰ হ’ব; শাস্তু-ভাগৱত সকলোৱেই একে কথাকেই ক’ব।