পৃষ্ঠা:ৰহঘৰা.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশোদ্ধাৰকৰ মহাসভা। গাইগোটা থাকিলে হই, উন্নতি কেৰে নাপায় গই, এতেকে আহা সকলে মিলি সমাজ গঠন কৰে; তাৰ পাচত কৃষি বাণিজ্য, ব্যৱসায়ত ধৰে।। “সমাজক আমি ভাঙ-ছিঙি পিঠাগুৰি কৰি, জাতীয় জখল সাজিব নোৱাৰি আছো তুলতে পৰি; যেতিয়া আমাৰ পাৰ্থক্য যিমান, জাতীয় সিন্ধুত হ’ব নিৰ্বাণ, তেতিয়া নিশ্চয় উন্নতি সাধি ৰাখিম দেশৰ নাম;- মোৰ মনেৰে এয়ে আমাৰ প্ৰথম কৰ্তব্য কাম।” শুনি উঠিল গোঁসাই-ঈশ্বৰ কাহ কেইটামান মাৰি, তাৰ পাচত কবলৈ ধৰিলে ডাঙৰকৈ আটাহ পাৰি;-- “ভট্টাচাৰ্যৰ শুনিলে বুধি, আমাৰ সকলো হব উদি; গোটেই দেশখন তেতিয়াহে ৰসাতললৈ যাব; সি পুৰীতে। যমৰ ৰাজ্যত নানান নিকাৰ খাব।

  • ‘আমাৰ মতে মানুহবিলাকে ধুতি-বিধুতি এৰি,

উন্নতি-বাটত দিনে দিনে গৈছে পিচলৈ পৰি। শূদৰে বামুণক নকৰে মান, গোসাইৰ কথাতো নিদিয়ে কাণ,