পৃষ্ঠা:ৰহঘৰা.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। সভা বহোঁতে সন্ধ্যা হ’ল, এঘণ্টা সময় অতিৰি গ'ল; ইয়াৰ ভিতৰত বহুত ৰকমৰ বহুতো কথা হ’ল; ঘাইকৈ তেও এশ চিলিম মলা ধপত গ'ল। সভা আৰম্ভ তাৰ পাচত; সভাপতি বহিল; লগে লগে পৰ্বত কঁপাই হাতৰ ঘাঁহনি উঠিল। প্ৰস্তাব কাৰক পথালি গুচি, থিয় হৈ ৰ'ল কুচি-মুচি; অলপ পাচত গহীন মাতেৰে ধৰিলে প্ৰস্তাৱ দাঙি; শ্ৰোতাসকলৰ জনচেৰেকে বান্ধিলে তাৰেই সাঙী। ( ৪ )। প্ৰথমতেই ভট্টাচাৰ্যই লগালে ডাঙৰ মাত;- “সচা কথা, সকলে। পিনেই আমাৰ অধঃপাত। বাহিৰ বগা নীতি চাই, সত্য বিচাৰি লোৱ। গোটাই , তেতিয়া আমি সকলো মিলি একে উদ্দেশ্য লই; সাধিব পাৰিম দেশৰ উন্নতি কুত কপট থ’ই।। তেতিয়া আমাৰ শিক্ষা দীক্ষা সকলো বিস্তাৰ হ’ব; আমাকে। এটা জাতি বুলি শত্ৰু হলেও কব।