পৃষ্ঠা:ৰহঘৰা.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশোদ্ধাৰকৰ মহাসভা। এনে মানুহ কোনে পাব বিশ্ব জগৎ ভুমি? সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি। লগুণ লৈয়েই ওজা বামুণ, আন দেশত হবনো কোন? এনে জাতি এই দেশতে ব্ৰহ্মাই দিছে গঢ়ি; নিশ্চয় যাব য’তে উপজিছে সেই খিনিতে মৰি। এনে মানুহ কোনে পাব বিশ্ব-জগৎ মি, সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি। দেশোদ্ধাৰকৰ মহাসভা। ওঠৰ শ বত্ৰিচ শকৰ কাৰি বিহুৰ দিনা, নবগ্ৰহত বহিল সভা তিনিও ভুবন জিনা। উজনি নামনিৰ ফুকন চৌধাৰী, গোঁহাই বৰুৱা, টিকনিধাৰী, দাস, ঘোষ, গোঁসাই, মহন্ত, মিলিল এটা হই; লগ ললে ভট্টাচাৰ্য্যই মাজৰ পৰা গ’ই। ৰাইজসকল লাগিছে লগ দেশৰ বিাই দেখি, কৰিব হেনো প্ৰতীকাৰ তাৰ এটা এটাকৈ লেখি।