পৃষ্ঠা:ৰহঘৰা.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰৰ ধৰ্ম্ম। বাৰুণী-সেৱন নাই আয়োজন, মুঠেই নামৰ ৰেল। নামতো নহয়। | পাঠাৰ মঙ্গহ সিজাই দকচি খাব; পূজাৰী বাপুৱে নাম গাই জানে। পূজাৰ দক্ষিণা পাব? ইফালে শঙ্কৰৰ যি ডালি ধৰম তিৰুত-শূদ্ৰয়ো জানে, হৰি নাম ললে | বাণতকৈও চণ্ডালক ভাল মানে। এনেপাট ধমক যি বোলে ধৰম | সিয়েই দিনতে কণা; জ্ঞানীয়ে লোকক নজনাই ধৰম, কৰিছে শাস্ত্ৰই মানা। ব্ৰহ্মজ্ঞ (?) বামুণে যদিও নিচিনে “ক”ৰ চুক কেইটামান; তথাপি গায়ত্ৰী বুজে। বুলিয়েই দিয়েনে লোকক জান? এতেকতে ভাই, | শঙ্কৰী ধৰণ গতিয়াই উলিয়াই দি; সকলোৰে সাৰ উদৰ পূৰণ ধৰম সাবটি লোৱ।।