পৃষ্ঠা:ৰহঘৰা.djvu/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰৰ ধন্ম। “হালোৱ। শঙ্কৰে ধৰম বিলালে, | জাত-কুল পিচত থই; ৰৌ-ৰৌ নৰকত। | পচিব লাগিছে, মৃৰুখে তাকেই লই। ‘গায়ত্ৰী’ জপি বৰ। | নাই অধিকাৰ, কিজানে ধৰ্মৰ মোল; লোকৰ চুৰকৈ দুকথা শিকালে, তাতে বাৰেপাচি ভুল। যিমান ধৰম আছে পৃথিবীত | নজনা কালৰে পৰা; তাৰ ভিতৰত শঙ্কৰী ধৰম আটাইতকৈ তলত পৰা। প্ৰথমতে চোৱ, শঙ্কৰী ধৰ্ম্মত | নাই ৰাসময়ী ৰাধা; প্ৰেমৰ ৰসেৰে হিয়া বুৰাবৰ | বাটতে বিষম বাধা। ভকতনীহীন ভকতিৰে সতে মুকুতি নাপায় কেও; ইয়াকো নজনা। মুখ শঙ্কৰ নহযুনে মেলেছ দেও? প্ৰতিমা পূজা নামানে শঙ্কৰে, নুবুজে পূজাৰ মোল;