এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হওঁ। ৰহঘৰাৰ ৰহ যথাৰ্থ মিঠা বুলিহে প্ৰস্তুত। যদি কোনোৱে তিতা পায় সি সিবিলাকৰ নিজ দোষতহে। তত্ৰাচ ইমানলৈকে আমি গাত লব পাৰে। যে উদ্দেশ্য ভাল হলেই আনুষঙ্গিক কিবা অলপ বেয়া থাকিলেও সি নধৰ্তব্য। | ৰহঘৰাৰ উদ্দেশ্য মহং। আৰু মহৎ কাৰণেই ইয়াত বহুবিধ বস্তুৰে mixture সংমিশ্ৰণ হৈ এক উপাদেয় পেয় ৰূপে প্ৰকাশিত। পাঠক সকলে পঢ়িলেই তাৰ বেলেগ বেলেগ সোৱাদো পাই যাব। আমিনো বেলেগ বেলেগ কৰি দেখুৱাবৰ আৱশ্যকতা কি। ৰহঘৰাৰ ৰহেৰে লিখকে আমাক এটি কথালৈ নিব খোজাটে। আমি প্ৰায় বিলাক মিশ্ৰিত বস্তুতে দেখিবলৈ পাওঁ আৰু সেইটিয়েই হৈছে—মনে মুখে একে কৰা। সংসাৰত আমি আটায়ে মুখত মুখ পিন্ধি ‘চং’দিছো, এ মুবাই যেতিয়া আধিক্য লাভ কৰে তেতিয়া তাৰ পব। সমাজ ত ভয়ানক বিশৃঙ্খলা উপস্থিত হয়-- বহুটো অনিষ্ট ঘটে। আৰু এই অৱশ্য পৰিবৰ্তনীয জগতত তেনে নকৈ নোৱাৰে। পৰিবৰ্তন আছে যেতিয়া সি নিশ্চয় উন্নতিৰ ফাললৈ হবই হব আৰু সেই উন্নতি নিশ্চয় অৱনতিৰ ওপৰত নিৰ্ভৰ কৰে। কুসংস্কাৰ- দুষ্ট তিতা এই ৰহঘৰাৰ মিঠা মাৰিবৰ উপায় বুলি আমাৰ বিশ্বাস। | এই যে উপায় ইও অতি প্ৰশস্ত। খঙ্গেৰে কোনো কাম কৰিব আৰু কৰাৰ নোৱাৰি। ৰৰে কৰোৱ। কামেই অতি ভাল হয় আৰু কৰব পাৰি সহজে। ৰহঘৰাত ৰঙ্গমুৱা কথা এষাৰিও নাই। হাঁহি মুখে তৰপৰা হব পৰা বেয়া ফলটে। দেখুৱাই দি ইঙ্গিত কৰে মাত্ৰ অৱস্থাটি কেনে হৈছে আৰু ভবিষ্যতলৈ সাৱধান কৰি দিয়ে আৰু কয় “কন্যাৰ হল সংসাৰ খনি, যমৰ দক্ষিণ দ্বাৰ।” হাঁহিমুখে আমি এজনক তেওঁৰ দোষ বেচিকৈ দেখুৱাব পাৰে। আমাৰ জাত” শীৰ্ষক কবি- তাটিত তাৰ পৰা আমাৰ লাভৰ ঘৰত কি আছে তাকে দেখুৱাইছে