পৃষ্ঠা:ৰহঘৰা.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
ডাৰুইনৰ “থিৱ’ৰিৰ’’ নেগুৰ।

সৱশেহত  কাৰো লগত
  নৰব কাৰো সঙ্গ;
মোটৰ ওপৰত,   উন্নতি হই
  ৰ’ব একেটা অঙ্গ।
মানুহ গুচি   ক্ৰমোন্নতিত
 কোমোৰা আকাৰ পাব;
কই থ'লোঁ,  গুণ নহলেও
 ধৰমনো ক’লই যাব?
আপত্তি যদি  আছে কাৰো
  একে আষাৰেই কোৱাঁ;
ক্ৰমোন্নতিৰ  নেগুৰ theory
  নহলে দাঙি লোৱাঁ।
ললেই নামটো ফাটি ওলাব
  সহস্ৰমুখী হ’ই;
জল্‌জল্‌ কৰে   ওলাম নতুন
Evolutionist মই।