পৃষ্ঠা:ৰহঘৰা.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। প্ৰথমতেই “টাই” “কলাৰ”, মণি-মাগলীৰ ভৰত; উখহি উখহি ডিঙিৰ সচটে। হেৰাব মূৰৰ তলত। দিনে ৰাতিয়ে বিত চকুৰ আমান সহি থাকি; ধৰ্মঘট কৰি নাক চকুৱে দিব এদিন ফাঁকি। গ্ৰামোফোনৰ ব্যৱহাৰত ঢুকাব জিভা-ওঁঠ; খুৰৰ চুমাত তত হেৰুৱাই পলাব ডাঢ়ি-গোফ। চুলি কেইডাল ‘হেটৰ তলত | ওঁতে সদাই ৰাখি; হঠাৎ এদিন নোহোৱা হব তপা কায়েই সাক্ষী। পৰৰ কথালৈ কাণ নিদিয়াত মিলিব কাণৰ ক্ষয়; চামুচ-কাটাৰ প্ৰভাৱত হব হাত দুটাৰে। লয়। দোলা-ঘোৰা, মটৰকাৰ, চাইকল, বাগীৰ তাপত; “অনভ্যাসে হতা বিদ্যা”, লুকাব চৰণ লাজত।