পৃষ্ঠা:ৰহঘৰা.djvu/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। বৃত্তাকাৰে বহি লই ৰঞ্জি ওষ্ঠাধৰ, গোৰোৱ। তামোল চূণ সুপক্ক পানেৰে পিকেৰে ৰাঙ্গলী কৰি ঘৰৰ পিৰালি। গাঁঠিৰ পইচা ভাঙি কফি কিনি লই, ঢোকা মাৰি অন্ত কৰি শুচালে পিয়াহ; ভাতৰ পোতনি যথা পেটুলী বুঢ়য়ে, কিন্তু যথা অগস্ত্যই সমুদ্ৰৰ জল। মনটে। সুস্থিৰ কৰি, কৰে ধীৰে ধীৰে, গম্ভীৰ সুৰেৰে অতি, সম্বোধি সমস্ত জন, স্তব্ধ কৰি ভগ। ঢোল, স্তব্ধ কৰি যত গায়ক বাসভদল ,-“হেৰ হেৰ বিলাত নিবাসী, অমৃত থাকোতে কিয় মৰ কফি খাই; বুঢ়া বুঢ়া অসমীয়া ভকত সকলে ধাই যথা আধাখুণ্ডা চাউলৰ গুৰি, বিবিধ সামগ্ৰী এৰি, দোমীৰ দিনা? সকলো উঙ্গাই বল পৰি সাগৰত, বাৰিধা কাৱই যথা বাঢ়নী পানীত। সদিয়াৰ শিতানত পাবি মহাম, সমস্ত শৰীৰ তাৰ ৰসেৰেই পূৰ; ঠিক যেন ৰহধৰ। কেতেকী-কঠাল। এবাৰ সোৱাদ পালে নোৱাৰ ভুলিব নোৱাৰে তুলিব যথা হালোৱা ককায়ে, দুপৰীয়া পেৰা মাছ শইতা ভাতেৰে।”