পৃষ্ঠা:ৰহঘৰা.djvu/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হঘৰা। . দেখি ঢেকী মহাপ্ৰাণী; ছাত্ৰগণ যথা কম্পিত সভয়ে দেখি গুৰু সমুখত, থাকোতে ধপাত খাই মহা আয়মেৰে। পলাল ৰমণীকুল ঢেকীৰ শব্দত, পলায় গৃহিণী যথা খেদিলে গৃহস্থে জলদ গৰ্জনে গৰ্জি টেকঠোৰা লই। হে পাঠক চিনিচানে কোন এই অন? কিয়বা ইহেন বেশে ফুৰে দেশে দেশে? নিচিনা যদ্যপি, চিনি লোৱা ভালকই, এৱেই নাৰদ মুনি, কদলৰ গুৰি, “গ্ৰামস্য মণ্ডলো” যথা, বানচ বিহীন। ‘হৰকৰা জগতৰ, অহিফেনভোজী “তস্য মন্ত্ৰী গাওঁবুঢ়া” সদৃশ। ধন লই ধান বানি ফুৰোঁতে খেহত, পাই লগ ভকতৰ কানীয়া সত্ৰত ললে ৰঙ্গে, প্ৰভুৰ প্ৰসাদ—টিকিৰা শৰ্কৰা পিঠা অতি বিতোপন; শেত একটি পানী আহা কি মধুৰ, গয়াৰ মচলা দিয়া তাম্ৰকুট যথা। পৰিচয় পালে শেষে চাহ নাম তাৰ, সদিয়াৰ শিতানত আছে ক্ষেত্ৰ ভৰি, আনি তাৰে পত্ৰ হৰি, কৰিছে প্ৰস্তুত এই দিব্য “সৰবত”; পালেও বুকত গোৰ নেৰে যাক লোকে। ভাবিলে নাৰদে শুনি অতি সুসংবাদ,