পৃষ্ঠা:ৰহঘৰা.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| দ্বিতীয় সৰ্গ। উঠিল গগনমাৰ্গে পুৱাতে এদিন, শতেক যোজন ব্যাপি ঢেকী ভয়ঙ্কৰ, তুচ্চ কৰি ধূমকেতু হেলি-আবিত। দেথা গল প্ৰাণী এক ওপৰত তাৰ, জক জক কামিহাৰ. গেৰুৱা বসন, 'কপালে চন্দন, গলে ৰুদ্ৰাক্ষৰ মালা,” কাণ ছিগা বেহেলা হাতত; ভস্ম সনা দেহ। যথা টোকাৰি বায়ন, অৰ্থ হেতু ভিক্ষা বৰ। বাবাজী নামেৰে। মহানন্দে ধাবিলে ঢেকীয়ে, ঢেক ঢেঙ্ক ৰু সুৰে পিঠিত প্ৰভুক লই পশ্চিমৰ ফালে; যথা অতি লুইতত কাক পৃষ্ঠ লই; কিম্বা যথা, বটুৱা টকচ ঘোৰা ধায় হট মুখে, পৃষ্ঠে লই হাজন দ্ৰব্য সমন্বিতে, তুলি ঘনে ফোপনি বাৰ। উত্তৰিল বিলাতৰ লণ্ড-নগৰত, ঠিক দুপৰত হই তৃষ্ণাত কাতৰ; পিৰালি চুকত যথা সিৰািম বীৰ হওঁতে সকলো প্ৰাণী শয্যা-সহবাসী। সচকিত ৰনাৰী বিলাত-নিবাসী,