পৃষ্ঠা:ৰহঘৰা.djvu/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুদি ত্ৰিনয়ন, কৰিছিলে যেটা-পান কলহে কলহে; কুকৰ্ণ বীৰে যথা মঙ্গ কুন্ত তুলি, ভোজন গৃহত পশি টোপনি অন্তত। নীৰবি জীমূত মন্ত্ৰ এনে সময়ত, কৰি হাৰৱ ঘনে পশিল বৃষভ সেই মহাৰাঙ্গণে, খেদা খাই পাৰিষদ গোৰ নদীৰ; তাহানি কৃষ্ণাই যা দ্বাৰকা জীপত জাসন্ধ নৃপতিৰ বিষম খেদাত। ভৰিৰ বতাহ লাগি পৰিল বাগৰি, সিদ্ধিদাতা জনকৰ সিদ্ধিৰ টেকেলি; পৰে যথা ঠাৰি ছিগি কুণ্ড চাল। একেৰাহে ললে গতি অলপো নই, দক্ষিণাগোত যথা ভূদেৱৰ দল। সদিয়াৰ উত্তৰৰ চিংফৌ গিৰিত চহোৱা ক্ষেত্ৰত পৰি ৰ'ল ঠেকা খাই, ষ্টেচনত ৰোগাৰী যথা! হ’ল জন্ম পাদপৰ মুঠিত লুকুৱা পাৰিজাত তৰু যথা সিন্ধু মনত। পালে জম্মি চাহ নাম চহোৱ। ক্ষেত্ৰত; ৰল তাতে বহু দিন, নাজানিলে কেৱে; মাতৃ-গৰ্ভ স্কৃিত যথা জাৰ সন্তান। ইতি চাহৰহস্যে মহাকাব্যে প্ৰথম সৰ্গ।