পৃষ্ঠা:ৰহঘৰা.djvu/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাই । শবদৰ ডিমবোৰ উমাই উমাই; লাগিব আগাৰ আৰু অৰ্থৰ পোৱালি, জোলোঙাত ভৰি থই, ভুলিব ভোলাই যাক ভাঙৰ ৰাগিত; খাম আমি 'ৰ’’ কৰি ৰসৰ লগত। এতেকে দুয়োকে। সবা যেনেতেনেকই। হোকুৰ, বধে ছোব, নাপাহৰা যেন কুম্ভোৰ হস্তী বক্ত গণেশ বাপুক। জোকাৰি দীঘল পেট, উঠি ইন্দুৰত, কাণত কলম লই কাকতী বেশেৰে, তৰণীৰ দল যথা আহে যেন লৰি। ভয় নাই বাহন। বাবে; থৈছে। মেকুৰী বান্ধি শিকলী লগাই। তেৱে মোৰ বুদ্ধিৰ ভাৰসা;- শুনে। আছে লম্বোদৰ বুদ্ধিৰেই ভৰি, কঠাল কুৱৰী যথা কোমল কোহেৰে; অথবা যিৰূপ, কলা বেমাৰীৰ পেট অৰ পৰিৰে। দিয়ে যদি লেখি এই কাব্য মহত্তম, সমুল কদলী তৰু পাৰ পুৰস্কাৰ। আহা দেব, এতেকতে, সকলোটি লই, ধৰ। গীত ঐক্যতানে, মধুৰ সুৰেৰে, যথাসান্ধ্য-সঙ্কীৰ্তন গোমায়ু কুলৰ।। কৈলাশ-শিখৰ-শৃঙ্গে দেৱ পশুপতি উপবেশি ব্যাঘ্ৰ চৰ্ম্মে,