পৃষ্ঠা:ৰহঘৰা.djvu/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাহ ৰহস্যম। (আদৰ্শেনামিতাক্ষৰছন্দস লিখিতং মহাকাব্যম।) প্ৰথমঃ সৰ্গ। ৰসিক ৰঙাই কাই ফেহজালি শুনি চমকি দুচকু মেলি, খেপিয়াই চাই, নাপাই পাটীত গম উষ। গাভৰুৰ, কোনোবাই নিলে বুলি, যেতিয়া লণ্ঠন লই বিচাৰি ওলায়; তেতিয়া মৰ যত কলা-অৱতাৰ, এৰি সুকোমল পাটী লয় যাৰ নাম; অকউ ঘৰ্মাক্ত দেহে ক'লা-মলা হ'ই কেহেৰাজ বটা যথা ভাহি অফিচাৰ ঢোকে ঢোকে ধৰে যাকে পিঠা-সমন্বিতে, দিনটোৰ দুখ লাজ কাতি কৰি থই; বৃকোদৰ বীৰে যথা পিঠা-অনু-কীৰ, নকৰি কেৰেপ বকাসুৰ নৃপতিৰ বাঘ-ঢকালই;- সেই চাহ সুধা-সম পাৰ্থিব দ্ৰব্যৰ খুজিছে। কাহিনী গাব তাল-লয় সতে, কৃপা কৰি অহা বগী গায়ননী আই, লই সেই বাণখনি কোটিকলীয়া, পাভতি-চাঙ্গৰ পৰা ভোজন-অন্তত।