পৃষ্ঠা:ৰহঘৰা.djvu/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। ( আমাৰ) বোপাককাহঁত আছিল হোজা, কুসংস্কাৰৰ বান্ধি বোজা আছিল সকলো বন্য পশু, বৰ্বৰ, অসভ্য। মাথোন আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সত্য। আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। ( আমাৰ ফুৰণ-চাকন, পিন্ধন-উৰণ, গমন-ভোজন, ধৰণ-কৰণ, লিখা-পঢ়া, কন্দা-ইহা, সকলোটি নব্য। কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি হিন্দুনৰ প্ৰথম শ্ৰেণীৰ সত্য। (আমি) “এটিকেট” শিকিছে৷ ইংৰাজী পড়ি,