পৃষ্ঠা:ৰহঘৰা.djvu/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| পূৰ্ণচন্দ্ৰ। ০৫ ফুৰিবলৈ ল'লে দুপৰ ৰাতি, পলাই ঘৰৰ পৰা। বাৰ্ষিক পৰীক্ষাৰ উত্তৰ কাকতত | বৃত্তৰ পৰিধি অকি; পূৰ্ণক থলে পৰীককে একেটা শ্ৰেণীতে ৰাখি। পৰীক্ষকৰ কাৰ্য অন্যায় বুলি উঠিল পূৰ্ণৰ খং; সেই দিনাৰ পৰা অন্ত পৰিল স্কুলৰ লগত সং। ছমাহৰ মূৰত বাপেক মৰিল, মাউৰ বেমাৰত পৰি; ঘৰৰ গৰাকী হৈ পূৰ্ণই মাটিত নথলে ভৰি। মদ-মাংসৰ বজাৰ চলিল, পৈতৃক চ’ৰা ঘৰত; চুবুৰীয়াৰ কাণ তাল লাগিল, “হাম্মোনিয়ামৰ ৰোলত। বাইজীহঁতৰ আমদানি হ’ল, ভাটী মলুকৰ পৰা; নাচ-গানৰ ভাব-ভঙ্গীৰে পূৰ্ণৰ হিয়া ভা। পৈতৃক অৰ্থ অন্ত কৰিলে, নানা অত্যাচাৰ কৰি;