পৃষ্ঠা:ৰহঘৰা.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ ৰহঘৰা। চতুৰ্থ শ্ৰেণী পাওঁতে পূৰ্ণই যোলত দিলে ভৰি। সৰুৰে পৰা মাকৰ সাদৰ, হাতনি পেৰাৰ ধনে; উচটাইছিল পূৰ্ণচন্দ্ৰক সকলো কাৰ্যৰ পোন। তথাপি তেওঁৰ ষোল বছৰলৈ ভালে কুশলেই গ'ল; চতুৰ্থ শ্ৰেণী পোৱাৰ পিচতহে গোটেই সলনি হ'ল। ( এতিয়া) কপালৰ আগৰ দীঘল চুলিত “জবাকুসুম” ঢালি; নালাগে সুখ লবলৈ নাপালে দীঘল সেওঁতা ফালি। মুওৱায় ডিঙি কলাৰ নহলে চচমা নহলে চকু; টেমি যেন ঘৰি আৰি নললে, শুৱাই নধৰে বুকু। উৰ্মালত “এচেন্স,” মুখত চেলেউ, ভৰিত বিলাতী বুট” নেদেখে ষাৰে। | পূৰ্ণৰ মনত সেয়ে জঘলী ভূত। এতিয়া পূৰ্ণই এদিন দুদিনকৈ লই লগৰীয়া লৰা;