পৃষ্ঠা:ৰহঘৰা.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাতকৈ বুধিয়ক নাই। জাহাজ ৰেল লোকৰ সজা, আমি উঠি কৰিছে। মজা, বিজুলী ডাকত আমাৰ বাতৰি অলপ বেচতে যায়। আনে লেখা কিতাপ পঢ়ি, ডাগৰ পৰীক্ষা ‘পাচ কৰি, আমাৰ মানুহ দৰমহা আছে খাই। আকৌ যেতিয়া লাগে যুঁজ, আমি তাৰ নলওঁ বুজ, আমাৰ নিমিত্তে আনৰ মাথোন চিন্তাত তৰণি নাই। যেতিয়া যুঁজলৈ যায় ফৌজ, আমি কৰে। ঘৰত মৌজ, জুহাল দাঁতিত ৰং মনেৰে | টিকিৰাৰ জুতি চাই। লোকে মৰে কাটিমাৰি, আমি বিচাৰে। পাটী-চাৰি, মহা ফস্তিৰে | থাকে। তাই, দুবেলা দুসা খাই। অতি ভোদা যুজাৰবোৰ, পৰৰ বিপদৰ কৰে ওৰ, নিজৰ কিন্তু বিনা লাভেই পৈতৃক প্ৰাণটি যায়।