পৃষ্ঠা:ৰহঘৰা.djvu/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
বুঢ়াৰ উপদেশ।

শিয়াল বাঘ ছয় ৰিপুৱে
 নেলী চেপাদি ধৰে।
তিতি বুৰি ভুল বুজোঁতেই
 ওচৰ চাপেহি কাল;
তেতিয়া আৰু
উজাই যাবৰ নাথাকে উপায় ভাল।
এতেকে বুঢ়া হোৱাঁ ভাই, 
একে চোচাই
 কেচুৱা কালটো এৰি;
কিয়নো মাজৰ ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

আমাতকৈ বুধিয়ক নাই।

(গীত)

ঘোষা।-

আমাতকৈ বুধিয়ক নাই।
বুধিৰ বলত  পৰৰ মূৰত
 আছোঁ একঠা খাই।

পদ।-

আগেয়ে সকলো আছিল ভোদা,
 দিব প্ৰমাণ যাকে সোধা,
মৰিছিল ভাবি লোকৰ বাবে
 মূৰ ঘূৰোৱাই।