পৃষ্ঠা:ৰহঘৰা.djvu/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢ়াৰ উপদেশ। লাগিব মনত | ফুলনি-বাৰীৰ যেন গোলাপৰ পাহি। দুদিন পিচত মুখ ওফোন্দাই | কৰিব ঘনাই মান; “দেহি পদ- পল্লবমুদাৰ” | কৰিহে পাবা ভাণ। তুষ্ট কৰিবলৈ গহনা দিওঁতে লাগিব কোৰ ধাৰ; হব শেহত পহলা তাৰিখটো যমৰ দক্ষিণ ৰাৰ। এতেকে বুঢ়া হোৱা ভাই, একে চোচাই কেচুৱা কালটো এৰি; কিয়নো মাজৰ ডেকা কালটো সকলো কষ্টৰ গুৰি। নপৰে অন্ত ইমান খিনিতে ভালকৈ লেখি যোৱ; পাৰানে নোৱাৰা ঠেলা সহিব গমি-পিটিকি চোৱা। বিয়া কালেই। | সন্তান হব, ইটোৰ পিচত সিটো; বঢ়াই নিদিলে। ধাৰৰ জো | তেতিয়া কৰিবা কিটো?