পৃষ্ঠা:ৰহঘৰা.djvu/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
ধনীৰামৰ ধন।

(২৫)

আটায়ে বুলিলে- “হয় হয়,’’
জানোচা ইদৰেই মুক্তি হয়,
পানীয়ে পানীয়ে   ইদৰে গৈয়েই
 কি জানি তীৰ্থ পায়;’’
বোলা ৰাম ৰাম  আল্লা আল্লা
মেধি তীৰ্থলৈ যায়।

বুঢ়াৰ উপদেশ।

“বৃদ্ধস্য বচনং গ্ৰাহ্যমাপৎকালে হ্যপস্থিতে।”

ঘোষা।-বুঢ়া হোৱা ভাই,   একে চোঁচাই
কেচুৱা কালটো এৰি;
কিয়নো মাজৰ   ডেকা কালটো
সকলো কষ্টৰ গুৰি।

(১)

স্কুল-কলেজত পঢ়িব লাগে
ডেকা হবলই গ'লে;
পণ্ডিতৰ চেকনি  পিঠিত ছিগে;
পঢ়িব নোৱাৰিলে।