পৃষ্ঠা:ৰহঘৰা.djvu/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
ৰহঘৰা

(৪)
ইফালে-সিফালে চকুফুৰাই,
দলঙত উঠি মেধি যায়,
গােটেই বাটত  মানুহ-ভৰা
সন্ধি পাবলৈ নাই ;
ইহঁতে বাৰু  জানিব নাপায়নে
মেধি তীর্থলৈ যায় ?
(৫)
দেখিলে মেধিয়ে জাহাজ পাই,-
‘টিকট’-ঘৰত উঠিছে হাই ;
নােছােৱাকৈ  ‘টিকট’ কিনাৰ,
উপায়েই দেখােন নাই ;
ধুতি গাৰে  কেনেকৈ এতিয়া
মেধি তীর্থলৈ যায়।
(৬)
মানুহ যেতিয়া পৰিল কম,
লৈ ‘ক্লার্কৰ’ ‘মেজাজৰ’ গম,
ক'লে—“বাবু,   তীৰ্থলৈ টিকট
কিমান দিলে পায়?”
বাবুৱে মাথােন  বুজিব পাৰিলে
মেধি তীর্থলৈ যায়।