পৃষ্ঠা:ৰহঘৰা.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মেধি তীৰ্থলৈ যায়।


(১)
কলিয়াবৰত মেধিৰ ঘৰ,
নাম গোৱাত সুখ্যাতি বৰ,
কানীয়া মেলত   সবাৰো মাজত
মান ভাগটি পায়;
পুণ্য কৰিবৰ   মনেৰে আজি
মেধি তীৰ্থলৈ যায় |
(২)
লেখি-বুজি মোনাত ভৰি,
ললে টকা আঢ়ৈ কুৰি,
ললে ভৰাই কানিৰ টেমাটো,
ওলাল মঙ্গল চাই;
গোটেই গাৱঁতে উঠিল ঢৌ;—
মেধি তীৰ্থলৈ যায়|
(৩)
ঘাটত মেধিয়ে উঠিল কৈ,—
কিনো জাহাজ কিনো চৈ,
কেইখন বঠাৰে   মাৰে ইয়াক,
কিমান বেগেৰে যায়!
ভাবি-চিন্তি   লাহে-লাহে
মেধি তীৰ্থলৈ যায়।