পৃষ্ঠা:ৰহঘৰা.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ ৰহঘৰ।। ইয়াকে ভাবি কৰিলে তাকে, কিন্তু নাখাই কেনেকৈ থাকে? চৈধ্য দিনতে মাক-পুতেক থাকিল দুয়োটা মৰি; ধনীয়ে বোলে—“এদিনতে শতু শালিল। হৰি।। থকা হলে আজিটো দিন, নৰলহেতেন তোকৰ চিন, পষৰ পাচত লঘোন দিয়েই পাৰিলেহেতেন ৰ’ব; কেনেকৈ জানিম এদিনতে যে এনেকুৱাটে। হ’ব। ধনীৰ ফালেও পৰিল টান, হেৰাল শ্ৰুতি-বুদ্ধি-জ্ঞান, তথাপি তেওঁ অপেক্ষা কৰিলে চাবলৈ পৰীক্ষাৰ ফল; পেটৰ তোকত তললৈ পেটলৈ দীঘল দি পৰি ৰ'ল। ৰাতিয়েই ধনীৰ উঠিল জ্বৰ, বাগৰি ফুৰিলে গোটেইটো ঘৰ, গঞl এজনে দেখিলে পুৱ। ভিতৰ প্ৰবেশ কৰি; ধনবোৰ বুক ত বান্ধি লই ধনীৰাম আছে মৰি। ইফালে সিফালে চকু ফুৰাই, গাই ধনবোৰ নিলে ভৰাই, মহা ফস্তিৰে গোটেই জীৱন সেই ধনেৰেই খালে; ৰাইজে মাথোন ধনীৰামৰ ভেলটো ঘৰত পালে।