পৃষ্ঠা:ৰহঘৰা.djvu/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধনীৰামৰ ধন। A এ এ ঘৈণীৰ মাথোন এখনি বস্তু, বেছি কৰিলেই হব নষ্ট, কিয়নো এখন বস্তুহে হেনে। সতীয়ে পিন্ধিব পায়; অলঙ্কাৰ গতি পিন্ধা তিৰুত সমূলি সজাত নাই। এনেকৈ গ’লত এটা বছৰ, ধনীৰ চিন্তনি বাঢ়িল , কিয়নো পুত্ৰ নামেৰে এটি আকৌ বাঢ়িল লগ; বিয়া কৰায়েই ডেকা ধনীয়ে খালে বিষম ঠগ। ভাবেতে ভাবতে ৰাতিটো গ'ল, পেটৰ ভোকে। নোহোৱা হ'ল, দিনত খালে গধূলিলৈ একোকে নোৱাৰে খাব; ভাবিলে ধনীয়ে!—গাজিৰপৰা এসাজেই এদিন যাব। গলত এনেকৈ কিছুমান দিন, ধনীৰ ভোকে। হলহি ক্ষীণ, সাদিনৰ মূৰত শুদা ভাতৰ এজ খোৱা হ’ল; ছদিনৰ ৰচ চাৰি অনা জমাৰ ঘৰত ৰ'ল। এদিন ধনীয়ে পাটীত পৰি, ভাবিলে বহুত সময় ধৰি, “ইমান খৰচ কৰিব লাগিলে তেনেই উদং হ’ব; তাতে ইমান অধিক ভোজন পেটে কেনেকৈ সব।” পাগুলি পাগুলি অৰ্থ নীতি, কৰিলে ঠিক সোণালি ৰীতি, সাদিন গুচাই পষৰ মূৰত কৰিব খোৱৰ কাল; তাৰ পিচত একেবেলিয়েই উপবাসেই ভাল।