পৃষ্ঠা:ৰহঘৰা.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধনীৰামৰ ধন। “অজৰামৰৱং প্ৰাজ্ঞো বিদ্যামৰ্থ চিন্তয়েৎ। ধনীৰ মৰোতে বাপেকমাক, গোফে খোৱা নাছিল পাক; সংসাৰ কঠীয়া তলিত মুঠেই জুৰিছিল কুৰিৰ হাল; এনেতে পৰিল পৈতৃক আৰ্জনৰ আল ধৰিবৰ পাল। পৈতৃক অৰ্থ হেজাৰ কু ৰ ঘৰৰ ভেটি আছিল জুৰি, লেখি বুজি ধনময় হ’ল ধনীৰ গোটেইটে। মন মিঠা সুৰত ভৰিল প্ৰৱণ ঝন ঝন ঝন ঝন। একক কেনেকৈ কৰিব দুই, ধনীয়ে তাকে ভাবে শুই, এনেতে বিয়াৰ সাজোৰেৰে ধনৰ দ্বিত্ব ঘটিল; খৰছ বঢ়াৰ গমটো পাই মূৰৰ মগজু লৰিল। নোৱৰা হল লোণ তেল খাব, মাছ মাংসলৈ নোৱাৰে চাব, শুদাই পালেহে কোনোমতে দুগৰাহমান যায়; ভকত মানুহ পৰ্বৰ দিনত খোৱাৰে সহজ নাই। গৰম বুলি নিপিন্ধে চোল, | নোৱাৰে লৰ গাৰুত তুলা, মাটিত গুলেহে ধনীৰ চকুত ৰাতি টোপনি আহে। ধানখেৰ এবোজ। জাপি ললেই জাৰু কাষলৈ নাহে।