পৃষ্ঠা:ৰহঘৰা.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
কন্যমেধ।

দেখেগই আছে  ভদ্ৰকান্তই
 দাঁত নিকটাই।
আগদিনা হেনো  দুৱাৰদলিত
 লাখুটি পিছলি পৰি;
কঁকালটো ভাগি  কেঁকাই আছিল
 এতিয়া আছে মৰি।
বাতৰি পাই   কৃষ্ণ শৰ্মাই
 প্ৰথমে লাগিল থৰ;
তাৰ পিচত  ভদোৰ ঘৰলৈ
  দিলে বিজুলী লৰ।
মৰা জোঁৱাইৰ স্থাৱৰ অস্থাৱৰ
  সম্পত্তিখিনি আনি;
সুখ কৰিলে  বুঢ়া বয়সত
 হৈ চহকি মানী।
কৃষ্ণই পালে   ধন-সম্পত্তি,
 ভদ্ৰই পালে পাৰ;
কন্যাৰ হ’ল সংসাৰখনি
 যমৰ দক্ষিণ দ্বাৰ।