পৃষ্ঠা:ৰহঘৰা.djvu/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
কন্যামেধ

ফুৰা গাৰে পানী খালে জাত যায় বাৰ,
তোমাৰ কাষত তাৰৰ নৰব বিচাৰ,
ভুলিব তামাক দেখি মান-অপমান,
ধোঁৱা হহ উৰি যাব কৰ্তব্যৰ জ্ঞান।

এতেকে হৃদয়েশ্বৰি, নাযাবা আঁ‌তৰি,
মুক্ত কেশপাশে থাকাঁ‌ সততে আৱৰি;
যক ধন, যক মান, থাকা মাথোঁ‌ তুমি,
পাহৰোঁ‌ সংসাৰ তযু চন্দ্ৰমুখ চুমি।

 

কন্যামেধ।

(১)

নগাওঁ জিলাৰ  জকাই চুকৰ
 ভদ্ৰ বৃহৎ বৰা;
আগৰ দিনৰ  খিতাপ পোৱা
 ভাল মানুহৰ লৰা।
দোলাই ঘোৰাই  ধনে বস্তুৱে
 ৰমক-জমক ঘৰ;
টেলেকা চকুৰ  পাক দেখিলে
 মানুহে মাৰে লৰ।
মুখ দেখিলে  যেয়ে সেয়ে
 বোলে হনুৰ অংশ;