পৃষ্ঠা:ৰহঘৰা.djvu/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
ৰহঘৰা।

ধপাতে যোগাব নিতে আহাৰ তোমাৰ,
ধোঁৱাই কৰিব কৃষ্ণ কেশৰ বিস্তাৰ;
সজাম তোমাক মই আপোন হাতেৰে,
ৰাবানে হিয়া মোৰ প্ৰেমৰ ৰসেৰে?

চাপি আহাঁ সুভাষিণি, দিয়া মোক চুমা,
বৰষাঁ সঙ্গীত মধু প, ধ, নি, সা, গা, মা;
বিশ্ব জুৰি হোক ধ্বনি কোৰ্, কোৰ্ কোৰ্,
নাচোক তালত তাৰ অপেচৰাবোৰ।

থাকা দেবি, তুমি মোৰে সততে লুকাই;
নেদেখাবাঁ মুখ কাকো ওৰণি গুচাই;
মুফুৰিবাঁ বাটে পথে ক্ষন্তেকো ওলাই,
চুহিব অধৰ লোকে যদি দেখা পায়।

দেখিলে তোমাক শচী এৰিব ইন্দ্ৰই,
হব হৰমোহনৰ পুনু অভিনয়;
সুন্দ উপসুন্দ দুয়ো মৰিব ৰণত,
ওলাব কানাই আহি ৰাতি দুপৰত।

কেৰাণীয়ে চাহাবৰ কাণ মলা খাই,
চাপিব তোমাৰ কাষ ফোপাই-জোঁপাই;
পণ্ডিতৰ কিল খোৱা বাণীৰ নন্দন
পলাই কৰিব আহি শ্ৰীমুখ-চুম্বন।