পৃষ্ঠা:ৰহঘৰা.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধোঁৱা-খোৱালৈ। (আদৰ্শ প্ৰেমৰ কবিতা) “অয়ি মুগ্ধে কান্তে কুটীলনয়নে চন্দ্ৰবদনে প্ৰসীদ।” | বিপদ কালৰ সখি সুখৰ লগাৰ, আনন্দৰ উৎসৱৰ চিৰসহচৰি, দুখ-শোক-ক্ষুধা-তৃষ্ণা-সন্তাপহাৰিণি, আহা ধোৱ। খোৱ। মোৰ হৃদয় ৰঞ্জিনি। ত্ৰিগুণ-ঈশ্বৰী তুমি ধূমপ্ৰসবিনি, মিচিকি হাঁহিৰে দেবি, লোৱ। মোক কিনি; মানময়ি, এৰ। মান শুনোৱ। সুভাষ, লোৱা কৰি চিৰকাল চৰণৰ দাস। তোমাৰ অধৰ দেখি বিশ্ব মতলীয়া, ফুল। ফুল দেখি যথা ভোমমৰ বলিয়া; আলিঙ্গন-আশে আছে বিশ্ব হাত মেলি, সকলোকে এৰি মোক ধৰ। আকোৱালি।