পৃষ্ঠা:ৰহঘৰা.djvu/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
ৰহঘৰা।

এনেতে আহি  প্ৰভুভক্তই
প্ৰভুৰ ওচৰ পাই;
ভৰিত পৰি  কৰিলে সেৱা
মিলন-সঙ্গীত গাই।
ভাবিলে তেতিয়া  কাঞ্চনমতীয়ে
চণ্ডাল হে শ্ৰেষ্ঠ জন;
দুই হাতেৰে  সাবটি ধৰি
অৰ্পিলে চিত্ত-মন।
সমাধা হ’ল  চণ্ডাল-চণ্ডালীৰ
সমাৰোহেৰে বিয়া;
ডেকা-গাভৰু  চাপি আহি
উৰুলি-ভোলোকা দিয়াঁ।

- - - -