এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
ৰহঘৰা।
ইয়াকে ভাবি চাৰিও ফালে
ফুৰিছে মাথোন চাই;--
আটাইতকৈ ডাঙ্গৰ কোন মানুহনে।
চকুৰ আগে দি যায়।
দেখিলে এদিন হাতীত উঠি
সৈন্য-সামন্ত ল’ই;
গৈছে ৰজা মহাপ্ৰতাপী
ৰমক-জমক হই।
ভাবিলে কন্যাই-- “এৱেঁ ডাঙ্গৰ
এওঁকে বৰিম পতি;
ৰং মনেৰে সাজি-পাৰি
কৰিলে পিচত গতি।
ক্ষন্তেক পিচত আহিল সন্যাসী
ভস্ম ধূলা সানি;
দেখিয়েই ৰজাই কৰিলে সেৱা
হাতীৰ পৰা নামি।
ভাবিলে কন্যাই সন্যাসীজন
ৰজাতকৈও বৰ;
তেওঁহে হব কাঞ্চনমতীৰ
মনৰ জোখায় বৰ।
ইয়াকে ভাবি দুগুণ উছাহে
সন্যাসীৰ পিচত গল;
সন্যাসী গ’ই বাটৰ কাষৰ
শিৱ-মন্দিৰত ৰ'ল।