পৃষ্ঠা:ৰহঘৰা.djvu/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতাল-কুমাৰী। । নিমিষতে হয় পাপ তাপ ক্ষয়, হয় ধৰ। অৰ্গখনি। এতেকতে সবে ভক্তি সহকাৰে গোৱ,-“জয় মুৰা জয়”; দূৰ হব দুখ, পাবা স্বৰ্গ-মুখ নাথাকে নৰক-ভয়। শ চণ্ডাল-কুমাৰী। | (কথা-সৰিৎ-সাগৰৰ পৰা।)। চণ্ডালৰ ঘৰত জন্মিল কন্যা ৰূপত পোহৰ ঘৰ; ওপজোতেই বাপেকৰ চিন্তা ক’ত মিলিব বৰ।। বাপেকে বোলে ছোৱালীৰ ৰূপ সোণতকৈও চৰে; নামটো হওক। কাঞ্চনমতী ৰজাৰ জিয়াৰীৰ দৰে। বয়সত কন্যাই ভাবিলে তেও সবাতকৈ ৰূপৱতা; যি হব শ্ৰেষ্ঠ গোটেই বিশ্বত তেওকে বৰিব পতি।