পৃষ্ঠা:ৰহঘৰা.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
সুৰাৰ জন্ম।

দুখীয়া কবিৰ এই সুখৰ জীৱন।
কবিতা ফৰ্মুটি মাৰি  আনি ই কবিনী পাৰি,
ৰসৰ ভোঙ্গাত বুৰি প্ৰাণ যায় যায়;
কৰাঁহি সহায় ৰাইজ,  পাৰো যদি হও বাজ,
ধৰোঁ বানপন্থীবেশ মুক্তিৰ উপায়।
- - - -
সুৰাৰ জন্ম।
দেৱতা-দানৱে  সাগৰ মথোঁতে
সুধাৰ টেকেলি পালে;
মোহিনী-ৰূপত  ভুলিল দানব,
দেৱতাই দকচি খালে।
মাত্ৰ চল চাই,  দানহ এটাই
এবাৰ মাৰিলে টেকা;
ততালিকে তাৰ  সোমাল পেটত
বিষ্ণুৰ কটাৰী চোকা।
ৰাহু-কেতু নামে  হ’ল দুডোখৰ
কটা পেটটোক ল’ই;
সেইহে এতিয়া  বছৰে বছৰে
জোন-বেলি গিলি থয়।
সেই সময়তে  দৈত্যৰ পেটৰ
পৰিল অমৃত জৰি;