ৰাইজৰ গালি খাই, পলবৰ ঠাই নাই,
কল্পনা কোমল শয্যা হ’ল কাঁইটনি।
কি ক'ম প্ৰিয়াৰ কথা! শুনিলে লগাব লেঠা,
চাওঁ বুলি সকলোৱে নতুন বোৱাৰী;
এবাৰ দৰ্শন পালে, নাঁতৰিবা কোনো কালে,
ৰ'বা চাই একেৰাহে আপোন পাহৰি।
ৰূপত নিজেই কালী, থিয় হলে ধৰে চালি,
ৰঞ্জিত তাম্বুগৰাগে সুদীৰ্ঘ দশন,
কেশ মাধবীৰ কুঞ্জ, ভ্ৰমে তাত প্ৰাণীপুঞ্জ,
স্বভাৱ-কটাক্ষ-ভৰা ৰক্তিম নয়ন।
নৰয় নাকৰ চিন, হলে নাক ফুল হীন
বিশাল অধৰ যথা বাও পৰাহিৰ;
নিন্দি কদলীৰ মূল মধ্যদেশ অতি স্থূল
প্ৰথম স্ৰজন এয়ে সম্ভৱ বিধিৰ।
কি দিম শিক্ষাৰ নাম!— নিচিনে ঘৰুৱা কাম,
চিনে মাত্ৰ গৃহ-কোণ শয়ন-মন্দিৰ;
পিকেৰে বোলায় বাৰ, মলিয়ে ভুষণ গাৰ,
বচন গৰ্দ্দভ-নাদ কিম্বা হস্তিনীৰ।
কবিতা-হীৰক-দ্যুতি, প্ৰকাশি বঢ়াব জ্যোতি,
বুলি তেও মনে মনে আছিলোঁ সুস্থিৰ;
“শত্ৰুঃ ভাৰ্য্যা ৰূপৱতী”,— শাস্ত্ৰৰ বচন মাতি,
মাৰিছিলোঁ মুখ আৰু গঞ্জনাকাৰীৰ।
কিন্তু কবিতাৰ চিন পোৱা হল সুকঠিন,
নিজে মই অনুৰোধ কৰিলোঁ এবাৰ;
পৃষ্ঠা:ৰহঘৰা.djvu/১৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯
কবিৰ প্ৰেম।