পৃষ্ঠা:ৰহঘৰা.djvu/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

কবিৰ প্ৰেম।
( ১ )

বাইৰণ, কীট্​চ্​, ৱৰ্ডচ্​ৱৰ্থ,, ছেলি, টেনিচ্​ন
পঢ়ি পঢ়ি হ’ল মোৰো কবি হবৰ মন।
চেক্ষ্​পীয়েৰ, স্কট পঢ়ি বহি মাজ ৰাতি,
নাটক-নভেল লিখিম বুলি ললোঁ‌ চচ্​মা আঁ‌টি।
লাহে লাহে পক ধৰিলে কবিতাৰ ফল,
ওলাল নাট্য-কাব্য-গল্প মধুৰ সৰল।
ভাবিলোঁ‌ মনত কত ভবিষ্যৎ কথা,
কিৰূপে সুখৰ মোৰ কৰিম ব্যৱস্থা।
ঠিক হ’ল যাকে তাকে নিবিলাওঁ হিয়া,
কবিনী নাপাওঁমানে নকৰাওঁ বিয়া।
কিয়নো, কবিত্ব গুণ নাথাকিলে গাত,
নাপাম সোৱাদ লগ প্ৰেমসনা মাত।
নপকে পুনৰ প্ৰেম কবিতা নহলে,
নালাগে চাকিত জুই যথা বিনা তেলে।
এই দৰে দিনে দিনে কত কথা পাঙো,
নাপাই সুফল পুনু নিজে নিজে ভাঙো।
সাজিলোঁ‌ মনতে কত মানস-প্ৰতিমা,
কতনা ভাবিলোঁ‌ কথা নাই তাৰ সীমা।
কিন্তু হায়! সকলোটি সপোনৰ খেলা,
নাথাকে এটিও যেবে চকু দুটি মেলা।
শেহত প্ৰিয়াৰ শুনো বুলি পূৰ্ব্বভাষ,