পৃষ্ঠা:ৰহঘৰা.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নতুন "ভোজন-ব্যৱহাৰ।"

সবাৰে শেহত  আলহী ভাগত
 চকা পানী টোপা পালে।
আলহী-চকুৱে  দুচকু মুদালে;
 ভজা মাছ মাটিতে থ’লে;
চুকত লুকুৱা  বোন্দা মেকুৰীয়ে
 থাপতে সামৰি ল'লে।
"লাগিবনে কিবা?"  গহীন মাতেৰে
 গৃহস্থে বাতৰি ল'লে;
ন আলহীয়ে  মুখৰ লাজতে
 নালাগে বুলিয়ে ক'লে।
আধাপেটী হ’ই,  কোৱাৰি চেলেকি
 আলহী পৰিল উঠি;
ন ৰান্ধনীয়ে  চেতনা লভিলে
 পালে ওৰণিয়ে ‘ছুটি'।
ৰাতি পুৱালতে  সকলো কাহিনী
 শুনি পালে নাৰী নৰ;
গতি-গোত্ৰ দেখি  উজনিৰ আলহী
 ভাটা এৰি দিলে লৰ।