পৃষ্ঠা:ৰহঘৰা.djvu/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰহঘৰা।

আলহীক দেখি,  অতি সাদৰেৰে
 নিলে কৰি নিমন্ত্ৰণ।
ৰাতি দুপৰত  বন্ধুৰ ঘৰত
 খাবৰ সময় হ’ল;
হাত মুখ ধুই  ভিতৰ সোমাই
 আলহী খাবলৈ গ'ল।
একাঁ‌হী ভাতেৰে  আগতে দেখিলে
 কাঁ‌হীয়ে আছিল শুই;
আঞ্জাৰ বাটিয়ে  আছিল কাষতে
 কৰি চুমা খোৱাখুই।
প্ৰবাসী আলহী  লাহে লাহে চাপি
 ললে আসনত বহি;
ৰচকী ৰান্ধনী  মিচিকি হাঁহিৰে
 ধৰিলে যোগান আহি।
ফিচিকি ফিচিকি,  মিচিকি মিচিকি,
 মূৰত ওৰণি ললে;
আজুৰি আজুৰি  এফালে টানোতে
 ইফালে উদং হ'লে।
ৰচক-পচক  থৰক-বৰক
 খোজত কঁকাল হলে;
ওলাওঁতে উজুতি  দুৱাৰদলিত
 সোমাওঁতে পিছলা ল'লে।
ন ন সামগ্ৰী  নকৈ আনিলে
 পাতে পাতে পাতে দিলে,